March 7, 2025 10:41 AM

views 57

মহিলা প্রিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ জয়লাভ

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত কালি মুম্বাই ইণ্ডিয়ানছে ইউ পি ৱাৰিয়ৰ্ছক ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পৰাজয়ৰ পাছতে ইউ পি ৱাৰিয়ৰ্ছৰ প্লে অব ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ সকলো সম্ভাৱনাৰ অন্ত পৰে। খেলখনত প্ৰথমে বেটিং কৰি ৱাৰিয়ৰ্ছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হে...

March 7, 2025 10:38 AM

views 33

আই এছ এলত কালি পাঞ্জাব ফুটবল ক্লাবৰ হাতত হায়দাবাদ ফুটবল ক্লাব পৰাস্ত

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাবে হায়দাবাদ ফুটবল ক্লাবক ৩-১ গ'লত পৰাস্ত কৰে। হায়দাবাদৰ জি এম চি বালায়োগি এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাঞ্জাবৰ ছাজী অ'জী, শামী ছিংগামায়ুম আৰু লুকা মাজছেনে এটাকৈ গল দিয়ে। খেলখনত শামী ছিংগামায়ুম আই এছ এল ইতিহাসৰ সর্বকনিষ্ঠ গলদাত...

March 7, 2025 10:36 AM

views 35

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীৰ পুনৰ আন্তৰ্জাতিক খেললৈ প্ৰত্যাৱৰ্তন

ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্রীয়ে পুনৰ আন্তৰ্জাতিক খেলত অংশ ল'ব। চলিত মার্চ মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে হ'বলগীয়া ফিফা আন্তঃৰাষ্ট্ৰীয় উইণ্ডো খেলৰ জৰিয়তে খেলুৱৈগৰাকী উভতি আহিব বুলি সৰ্বভাৰতীয় ফুটবল সন্থাই ঘোষণা কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈগৰাকীয়ে যোৱা বৰ্ষৰ জুন মাহত কুৱেটৰ ব...

March 7, 2025 10:33 AM

views 61

মুম্বাইৰ ধাৰাবীত ছামৰা উদ্যোগৰ শ্ৰমিকসকলৰে জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ মত বিনিময়

লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কালি মুম্বাইৰ ধাৰাবীত ছামৰা উদ্যোগৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। নেতাগৰাকীয়ে অঞ্চলটোৰ উদ্যোগীসকলৰ সৈতেও আলোচনাত মিলিত হয়। দলৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্ৰী গান্ধীয়ে আজি আহমেদাবাদলৈ যাব।

March 7, 2025 10:29 AM

views 41

আজি জন ঔষধী দিৱস

আজি জন ঔষধী দিৱস। জেনেৰিক ঔষধৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে এই আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। সুলভ মূল্যত উন্নতমানৰ জেনেৰিক ঔষধ উপলব্ধ কৰোৱাই হৈছে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী আঁচনিৰ মূল লক্ষ্য। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাসায়ন আৰু সাৰ মন্ত্ৰালয়ে এই উদ্যমক উদগ...

March 7, 2025 10:27 AM

views 53

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে কাইলৈ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। নাৰী শক্তিৰে বিকশিত ভাৰত বিষয়বস্তুৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে এই সন্মিলনখনৰ আয়োজন কৰিছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া, দিল্লী পুলিচৰ বিষয়া, মাই ভাৰত স্বেচ্ছ...

March 7, 2025 10:22 AM

views 56

প্রধানমন্ত্ৰীৰ গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদা, নগৰ হাৱেলী তথা দমন আৰু দিউৰ দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিব। শ্রী মোদীয়ে গুজৰাটৰ সুৰত আৰু নৱসাৰী তথা দমনৰ সিলৱাসাত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব। আজি পুৱা তেওঁ দমন আৰু দিউৰ সিলৱাসা আৰু দাদৰা নগৰ হাৱেলীত দুহেজাৰ ৫৮৭ কোটি টকা ব্যয় স...

March 7, 2025 10:19 AM

views 40

ভাৰতৰ কীৰ্তি আৰু সফলতাই সমগ্ৰ বিশ্বত নতুন দিগন্তৰ সূচনা কৰিছে : প্ৰধানমন্ত্ৰী

ভাৰতৰ কীৰ্তি আৰু সফলতাই সমগ্ৰ বিশ্বতে নতুন দিগন্তৰ সূচনা কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয়, যে সমগ্ৰ বিশ্বই এই যুগ ভাৰতৰ যুগ বুলি অভিহিত কৰিছে। নতুন দিল্লীত এটা ব্যক্তিগত নিউজ চেনেলে আয়োজন কৰা এটা অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কয়, যে সম্প্ৰতি ভাৰতে বিশ্বৰ বিকাশক নেতৃত্ব...

March 6, 2025 8:39 PM

views 64

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি

মহিলা প্রিমিয়াৰ লীগৰ এখন খেলত আজি ইউ পি ৱাৰিয়ৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হৈছে। উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানছ ৬ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থান আছে আৰু ইউ পি ৱাৰিয়ৰ্ছ ৪ পইণ্টেৰে পঞ্চম স্থান আছে। অহা ১১ মাৰ্চত লীগ...

March 6, 2025 8:37 PM

views 76

আজিৰে পৰা অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন

অৰুণাচল প্ৰদেশ বিধানসভাৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। এয়া হৈছে অষ্টম বিধানসভাৰ চতুর্থ সংখ্যক অধিৱেশন। এই অধিৱেশনত ৫খন বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কৰ ভাষণেৰে আজি সদনৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালে তেওঁৰ ভাষণত কয়, যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটে অহ...