March 7, 2025 8:28 PM

views 36

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আয়োজিত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মহাবিদ্যালয়খনৰ ৮০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত ছাত্ৰীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশল শিকোৱা হয় । আজি মহাবিদ্যালয়খনৰ মুকলি মঞ্চত অনুষ্ঠিত ...

March 7, 2025 8:26 PM

views 51

এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন

  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত চিৰাং জিলাৰ আয়ু...

March 7, 2025 7:54 PM

views 61

জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। জন ঔষধী দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে দেশৰ প্ৰতিটো প্ৰান্তত কেনেদৰে গুণগত মানৰ ঔষধ লাভ কৰিব পৰা গৈছে, কেনেদৰে...

March 7, 2025 7:45 PM

views 84

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লৈছেঃ গৃহমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আজিৰ অনুষ্ঠানত ২২ গৰাকী সাহসী সৈনিকক পদক প্রদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰ...

March 7, 2025 7:20 PM

views 58

আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ চৰকাৰে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ কথা উল্লেখ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তামিল ভাষাকে ধৰি আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। থক্কোলামত আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ...

March 7, 2025 5:48 PM

views 45

‘অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰ’- বার্বাডোছৰ জনসাধাৰণলৈ প্রধানমন্ত্ৰী মোদীৰ কৃতজ্ঞতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁ লাভ কৰা এই পুৰস্কাৰটো ১৪০ কোটি ভাৰতীয় নাগৰিকৰ প্ৰতি আৰু ভাৰত আৰু বাৰ্বাদোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ...

March 7, 2025 11:03 AM

views 84

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল যোৱানিশা ঘোষণা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কালি নিশা ১২ বজাৰ পাছতে ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যো...

March 7, 2025 10:58 AM

views 27

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৰাধা গোবিন্দ বৰুৱা পথ আৰু ড° ভূপেন হাজৰিকা পথত মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব। উন্নত যোগাযোগ ব্যৱস্থাৰে সবল ভৱিষ্যত নিৰ্মাণৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত দলংখন নিৰ্মাণ কৰা হৈছে। ১৫ কোটি টকা ব...

March 7, 2025 10:54 AM

views 66

নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত সাৰৰ নাটনি দূৰ হ’ব : মন্ত্ৰী অতুল বৰা

নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ ৬০০ কোটি টকা বিনিয়োগেৰে নতুন গোট স্থাপন কৰাৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি তথা কৃষকে উচ্চ দামত সাৰ কিনিবলৈ অক্ষম হোৱা সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত ...

March 7, 2025 10:49 AM

views 32

১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যৰ ১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰাসকলে এই সুবিধা লাভ কৰিব। অসম বিধানসভাত কালি ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত হোৱাৰ পাছতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন ম...