ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কালি নিশা ১২ বজাৰ পাছতে ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।
Assamese | March 7, 2025 11:03 AM | ADRE Result
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল যোৱানিশা ঘোষণা