March 10, 2025 12:20 PM

views 40

অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাৰ আজি ৯০ বছৰ সম্পূৰ্ণ

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতীৰে আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰাই আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৫ চনৰ ১০ মাৰ্চত তেতিয়াৰ কলিকতাৰ ৰৌনাক থিয়েটাৰত ৰূপকোৱৰ পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতীয়ে মুক্তি লাভ কৰিছিল। সেই মাহৰে ২০ মাৰ্চত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ নাট্য মন...

March 10, 2025 12:17 PM

views 44

অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্রস্তুতি চলিছে। আৰক্ষীৰ শীর্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ চোৱাচিতা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত...

March 10, 2025 12:15 PM

views 26

পীযুষ হাজৰিকাৰ তৎপৰতাত গোৱালপাৰা জিলাত বান আৰু গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ তৎপৰতাত গোৱালপাৰা জিলাত বান আৰু গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ ১৫ কিলোমিটাৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ প্ৰচেষ্টাত এছিয়ান ডেভেলপমেণ্ট বেংকে ৩২১ কোটি টকাৰ অনুদানত অনুমোদন দিছে। ইয়াৰে প্ৰথম পৰ্যায়ত ২৩৭ ক...

March 10, 2025 12:13 PM

views 46

অহা বছৰত অসমত ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ’ব বুলি ভি সোমান্নাৰ প্ৰকাশ

অহা বছৰৰ শেষৰফালে অসমত ৰে'লপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ'ব বুলি কেন্দ্ৰীয় ৰে'ল দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভি সোমান্নাই প্ৰকাশ কৰিছে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ৰে'লৰ আন্তঃগাঁথনি প্রকল্পসমূহ পর্যালোচনাৰ বাবে তিনি দিনীয়া ভ্রমণসূচীৰে অঞ্চলটোলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটী ৰ...

March 10, 2025 11:55 AM

views 125

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্রতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ ব...

March 9, 2025 9:27 PM

views 36

আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডৰ ভাৰতৰ সম্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত অনুষ্ঠিত আই চি চি টেম্পিয়নছ ট্ৰফী ২০২৫ প্রতিযোগিতাত নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ২৫২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিউজিলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫১ ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ মাইকেল ব্রেছৱেলে ৪০টা বলত অপৰাজিত হৈ থাকি ৫৩ ৰাণ সংগ্ৰহ কৰে...

March 9, 2025 9:19 PM

views 26

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ উন্মোচন

মুকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ আজি উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা, অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া গৌতম দাস, কটন বিশ্ববিদ্যালয়ৰ গণ ...

March 9, 2025 9:13 PM

views 110

অসমৰ অনুৰাগ শ‍ইকীয়াৰ ২০২৫ বৰ্ষৰ আইফা ডিজিটেল শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ

জয়পুৰত অনুষ্ঠিত ২০২৫ বৰ্ষৰ আইফা ডিজিটেল পুৰস্কাৰ প্ৰদান অনুষ্ঠানত অসমৰ অনুৰাগ শ‍ইকীয়াই শ্রেষ্ঠ শীৰ্ষ সংগীতৰ সন্মান লাভ কৰিছে। মিছমেটছড শীৰ্ষক ডিজিটেল ধাৰাবাহিকখনৰ তৃতীয় সংস্কৰণৰ ইস্ক হে শীৰ্ষক গীতটোৰ বাবে অসমীয়া সংগীত পৰিচালকজনলৈ এই বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে শ্রেষ্ঠ শীর্ষ সংগীত শিতানত শ...

March 9, 2025 9:02 PM

views 57

গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

গোৱালপাৰাত অনুষ্ঠিত গাৰো সাহিত্য সভাৰ ২৩ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গাৰো ভাষা-সাহিত্য সামগ্রিক উন্নয়নৰ বাবে গাৰো সাহিত্য সভাই পালন কৰা ভূমিকাৰ শলাগ লয়। বর্তমান অষ্টম শ্রেণী প্ৰৱৰ্তিত গাৰো ভাষা মাধ্যমৰ ...

March 9, 2025 8:58 PM

views 61

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্র প্রদান কৰে। ৰাজ্য চৰকাৰে স্বচ্ছ আৰু যোগ্য নিযুক্তিৰ দিশত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি নতুন প্ৰজন্মৰ মাজত আশাৰ বতৰা জগাইছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ সকলো সহকাৰী অধ্যাপ...