গোৱালপাৰাত অনুষ্ঠিত গাৰো সাহিত্য সভাৰ ২৩ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে গাৰো ভাষা-সাহিত্য সামগ্রিক উন্নয়নৰ বাবে গাৰো সাহিত্য সভাই পালন কৰা ভূমিকাৰ শলাগ লয়। বর্তমান অষ্টম শ্রেণী প্ৰৱৰ্তিত গাৰো ভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সামগ্রিক উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইয়াৰ উপৰি গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে বুলিও তেওঁ সামাজিক মাধ্যমযোগে অৱগত কৰিছে ।
Assamese | March 9, 2025 9:02 PM | Dr. Ranoj Pegu | Garo Medium
গাৰো মাধ্যমৰ বাবে চৰকাৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ