January 14, 2025 2:25 PM

views 27

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ বিধবংসী বনজুইৰ বাবে ৯২ হাজাৰৰো অধিক লোকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে ৮৯ হাজাৰ লোকক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ কৰ্তৃপক্ষই নির্দেশ দিছে। লছ এঞ্জেলছৰ বিভিন্ন অংশলৈ বিয়পি পৰা এই বনজুইত এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।...

January 14, 2025 2:22 PM

views 39

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্স ডাবলছ ৰাউণ্ড অৱ থাৰ্টি টুত টাইৱানৰ যুটী শ্বু য়া চিং আৰু চেন চেং কোৱানক ৮-২১, ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে। যোৱা বছৰ পেৰিচ অলিম্পিকৰ পাছত...

January 14, 2025 2:20 PM

views 81

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ১ কোটি ৬০ লাখৰো অধিক লোকৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত আজি মকৰ সংক্রান্তি উপলক্ষে ত্রিবেণী সংগমত আয়োজিত অমৃত স্নান কাৰ্যসূচীত দিনৰ ১২ বজালৈকে ১ কোটি ৬০ লাখৰো অধিক লোকে স্নান কৰে। এই পৱিত্ৰ স্নান কাৰ্যসূচী বৰ্তমানেও নিয়াৰিকৈ চলি আছে। লক্ষাধিক ভক্তই এই স্নান সম্পন্ন কৰাৰ বাবে সেই স্থানত উপস্থিত হৈছে। স্নানৰ পাছত ভক্ত...

January 14, 2025 2:18 PM

views 51

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে বিশ্বৰ বহুধা বিভক্ত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ সামর্থ্য আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰ...

January 14, 2025 2:14 PM

views 44

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মিছন মৌচমৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমোদীয়ে কয় যে ভাৰতৰ জলবায়ুক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে এ...

January 14, 2025 11:22 AM

views 33

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত মাঘ বিহুত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত নহয়

ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা ম'হ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰ...

January 14, 2025 11:18 AM

views 31

২০০৬ চনৰ পূৰ্বে স্থাপিত কিন্তু প্রাদেশীকিকৰণৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমাধানৰ বাবে অসম মন্ত্ৰীসভাৰ উপ-সমিতি গঠন

অসম চৰকাৰে ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা কিন্তু প্রাদেশীকিকৰণ প্ৰক্ৰিয়াৰ পৰা বহির্ভূত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীসভাৰ এখন উপ-সমিতি গঠন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ নেতৃত্বৰ এই সমিতিখনে এই বিষয়ত উদ্ভৱ হোৱা আঁসোৱাহসমূহ দুৰ কৰাৰ ব...

January 14, 2025 10:55 AM

views 26

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন শ্বনমুগাৰত্নম আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁৰ লগত মন্ত্রী, সংসদ সদস্য আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰীশ্বনমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আ...

January 14, 2025 10:51 AM

views 51

ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী ...

January 14, 2025 10:50 AM

views 42

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত

ওড়িশা, আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা ৩৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি ৫ লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদাৰ কৰা হ'ব। ওড়িশা চৰকাৰক ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এ...