January 18, 2025 7:24 PM

views 50

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত

নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট নাট্যকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰমেশ কুমাৰ হালৈয়ে এই অধিবেশন উদ্বোধন কৰে। অধিবেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰীয় বিষয়ববীয়া, মণ্ডল আৰু জিলা সমিতিৰ বিষয়ববীয়া আৰ...

January 18, 2025 7:23 PM

views 51

জনার্দন দেৱগোস্বামীৰ নেতৃত্বত মহাকুম্ভলৈ ভকত-বৈষ্ণৱৰ দল ৰাওনা

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল আজি প্রয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষ্যে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্রী ডা০ বণোজ পেগু...

January 18, 2025 7:09 PM

views 30

তিনিদিনীয়া কাৰ্যসূচীৰে পীয়ুছ গোৱেলৰ ব্ৰুছেলছ ভ্ৰমণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুছ গোৱেলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্রমণ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়োগৰ অধ্যক্ষ মাৰ্কোচ চেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক...

January 18, 2025 7:04 PM

views 34

অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ৩১ জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ...

January 18, 2025 6:56 PM

views 42

কাইলৈ আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্...

January 18, 2025 6:48 PM

views 30

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ১,৫২১ খন মনোনয়ন পত্ৰ দাখিল

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র...

January 18, 2025 8:25 PM

views 39

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্...

January 17, 2025 8:32 PM

views 15

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত কেন্দ্ৰৰ তীক্ষ্ণ দৃষ্টি

কেন্দ্ৰীয় চৰকাৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু ইয়াৰ যোগান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী মুখপাত্রই নতুন দিল্লীত এই বিষয়ে প্রকাশ কৰি কয়, যে গ্রাহকসকললৈ উচিত মূল্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেতবোৰ...

January 17, 2025 8:29 PM

views 19

আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন

অর্থনৈতিক বিষয়ক কেন্দ্রীয় মন্ত্রীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্রীয় মন্ত্রীসভাই কালি অনুমোদন দিয়া আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ এই সাহায্যৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অ...

January 17, 2025 8:26 PM

views 50

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ অংশ হিচাপে বিকশিত অসম, বিকশিত ভাৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশল মহন্তৰ অধ্যক্ষতাত আজি জনতা ভৱনত এই প্ৰদ...