বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুছ গোৱেলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্রমণ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়োগৰ অধ্যক্ষ মাৰ্কোচ চেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ‘ব। এই বৈঠকত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিকে ধৰি অন্যান্য দ্বিপাক্ষিক বাণিজ্যৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হ‘ব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই লগতে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰিব। এই ভ্রমণে ইউৰোপীয় সংঘৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এই ভ্ৰমণৰ সুযোগতে শ্রীগোৱেলে বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° গ’জী অকঞ্জো ইউৱেলা আৰু বেলজিয়ামৰ বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্রী বার্ণাৰ্ড কুইণ্টিনক সাক্ষাৎ কৰাৰ সম্ভাৱণা আছে। তেওঁ লগতে বেলজিয়ামৰ উদ্যোগিক প্ৰতিনিধি আৰু তাত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত ভাগ ল‘ব।
Assamese | January 18, 2025 7:09 PM | Piyash gowel
তিনিদিনীয়া কাৰ্যসূচীৰে পীয়ুছ গোৱেলৰ ব্ৰুছেলছ ভ্ৰমণ