ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষা দিন ধাৰ্য কৰিছে তেন্তে সেয়া সালসলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে।
Assamese | June 13, 2024 6:34 PM | Air news Guwahati | Ambubachi Mela | Assam | Assam Govt Education Dept.
অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহলৈ নিৰ্দেশ জাৰি