December 21, 2025 10:47 AM

views 43

একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰিকৰণ আৰু প্ৰাদেশীকিকৃত কৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱন সমূহৰ সুৰক্ষাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। এই নীতি-নির্দেশনা অনুযায়ী একত্ৰিকৰণ আৰু স্থানান্তৰনৰ বাবে কোনো এখন বিদ্যালয় বন্ধ কৰি দিলে বিদ্যালয়খনৰ ভূমি ...

August 10, 2025 8:55 PM

views 54

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আজি আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সুজাতা গগৈয়ে এই শিক্ষামূলক আৰোহণ কাৰ্যসূচী মুকলি কৰে। জিলাখনৰ ২৬৯ খন বিদ্যালয়ৰ ২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই জ্ঞান অন্বেষণ যাত্ৰাত সামৰি লোৱা হৈছে। আজিৰে পৰা অহা ১৩ আগষ্টলৈ আৰোহণ কাৰ্যসূচীৰ অধীনত আই আই টি গুৱাহাটী, এইচ গুৱাহাটী, বায়’টেক উদ্যান, শংকৰদেৱ কলাক্ষেত্ৰ, অসম ৰাজ্যিক চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান গৱেষণা কেন্দ্ৰকে ধৰি বিভিন্ন স্থানত জ্ঞান অন্বেষণৰ সুযোগ প্ৰদান ...

May 11, 2025 12:34 PM

views 67

ৰাজ্যৰ শিক্ষা বিভাগৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন জাননী জাৰি

ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পঞ্জীয়নৰ বাবে জাননী জাৰি কৰিছে। সমৰ্থ প'ৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা চলিত ২০২৫-২৬ বৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। নির্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ২৯ মে'ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্রস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ...

September 29, 2024 11:45 AM

views 67

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত অহা পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সৰ্বশিক্ষা অভিযানৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নির্দেশযোগে এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্রচণ্ড গ্রীষ্মপ্ৰবাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰা দিনৰ চাৰে বাৰ বজালৈ কৰিবলৈ ইতিপূর্বে নিৰ্দেশনা জাৰি কৰা হৈছিল। বতৰ অনুকুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্রত্যাহাৰ কৰা হৈছে ।

July 21, 2024 12:01 PM

views 43

শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন শিক্ষক সন্থাৰে  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা সেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। শিক্ষা সেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি ৮টা শিক্ষক সংগঠনৰ প্ৰতিনিধিক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত এখন তিনিজনীয়া সমিতি গঠন কৰি দ...

July 21, 2024 11:57 AM

views 53

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক-কর্মচাৰীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক-কর্মচাৰীৰ পৰিয়ালক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু শিক্ষকসকলৰ মৃত্যু হ'লে পৰিয়ালে ৬০ বছৰলৈকে অর্থাৎ অৱসৰৰ সময়লৈকে সম্পূর্ণ দৰমহা লাভ কৰে যদিও ঠিকাভিত্তিক শিক্ষকসকলৰ এই সুবিধা নাছিল। ৰাজ্য চৰকাৰৰ এই ঘোষণা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষাক-কৰ্মচাৰীৰ বাবে বৃহৎ সকাহ হ'ব বুলি আশা কৰা হৈছে।

July 20, 2024 12:26 PM

views 58

ৰাজ্যৰ শিক্ষা বিভাগৰ তিনিটা পৰ্যায়ত গুণোৎসৱ

বিগত বৰ্ষসমূহৰ দৰে চলিত শিক্ষা বৰ্ষতো তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। অহা ৬ জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সম্পন্ন অভ্যন্তৰীণ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কালি এই কথা অৱগত কৰে। শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়া মতে এইবাৰৰ গুণোৎসৱত পূৰ্বৰ দৰেই অ এম আৰ শ্বিটৰ ব্যৱস্থা থাকিব। আনহাতে বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত প্ৰথমবাৰৰ বাবে বিদ্যালয়সমূহক অতিৰিক্ত ন...

July 18, 2024 5:52 PM

views 69

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পলিটেকনিক প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয়। চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্ৰেণীকোঠা, আৱাসিক আদি আন্তঃগাঁথনিগত উন্নয়নৰ বাবে লোৱা পৰিকল্পনা অনুসৰি অধ্যক্ষসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিশদ আলোচনা কৰে।

July 14, 2024 12:53 PM

views 42

সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডা...

July 11, 2024 9:56 AM

views 54

ৰাজ্যৰ কেবিনেট বৈঠকত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। উল্লেখযোগ্য যে, ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি এইকথা প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ ৬১২ গৰাকী নিয়মীয়া কৰ্ম...