ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১৪ মার্চ পর্যন্ত ৰাজ্য চৰকাৰে ৯৭,৪৫৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে।
Assamese | July 14, 2024 12:53 PM | Assam Govt Education Dept.
সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান