কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত অহা পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সৰ্বশিক্ষা অভিযানৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নির্দেশযোগে এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্রচণ্ড গ্রীষ্মপ্ৰবাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে সাত বজাৰ পৰা দিনৰ চাৰে বাৰ বজালৈ কৰিবলৈ ইতিপূর্বে নিৰ্দেশনা জাৰি কৰা হৈছিল। বতৰ অনুকুল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ প্রত্যাহাৰ কৰা হৈছে ।
Assamese | September 29, 2024 11:45 AM | Assam Govt Education Dept.
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ