◊ দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেন-দেন সংক্রান্তীয় গোচৰত তেওঁক বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। বিধি বলৱৎকাৰী সঞ্চালকালয়ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক আদালতত হাজিৰ কৰোৱাৰ পাছত চিবিআইৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা মাহৰ ২২ তাৰিখে শ্ৰী কেজৰিৱালক ছদিনৰ বাবে আদালতে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত এই ম্যাদ পুনৰ চাৰিদিনলৈ বঢ়াই দিয়া হৈছিল। আপৰ নেতাগৰাকীয়ে বিধি বলৱৎকাৰী সঞ্চালকালয়ে জাৰি কৰা ছটাকৈ চমন উপেক্ষা কৰিছিল। এই গোচৰত অভিযুক্ত আম আদমী পাৰ্টিৰ নেতা মণিষ ছিছোদিয়া আৰু সঞ্জয় সিঙো সম্প্রতি ন্যায়িক জিম্মাত আছে।
Assamese | April 1, 2024 8:53 PM | Arvind Kejriwal | Delhi | Delhi CM | Delhi court | India
দিল্লীৰ এখন আদালতৰ অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ