অসমৰ বান আৰু খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আৰু দেশৰ সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৫ হাজাৰ কোটি টকা আবণ্টন দিবলৈ দাবী জনাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে আজি বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত আজমলে কয় যে বাজেট ভাষণত বান ব্যৱস্থাপনাৰ বাবে অসমক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও কোনো ধনৰ পৰিমাণ বা পেকেজ ঘোষণা কৰা হোৱা নাই। তদুপৰি সংখ্যালঘুসকলৰ কল্যাণৰ বাবে উচিত ব্যৱস্থা ল’বলৈ তেওঁ দাবী জনায়।
Assamese | July 24, 2024 7:54 PM | ajmal letter nirmala sitharaman
অসমৰ বান-খহনীয়া সমস্যাৰ বাবে ১ লাখ কোটি টকা আবণ্টনৰ দাবীৰে বিত্তমন্ত্রী নির্মলা সীতাৰমনলৈ বদৰুদ্দিন আজমলৰ পত্ৰ