● আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ’ব অসমীয়া আৰু সময় ১ মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্রকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ’ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ আৰু ৯৬১৯৬৮৬৬৫৯ নম্বৰত হোৱাট্ছএপত পঠিয়াব লাগিব। ২৪ ছেপ্তেম্বৰৰ সন্ধিয়া ৬ বজাৰ ভিতৰত লাভ কৰা হোৱাট্ছএপ বাৰ্তাহে প্রতিযোগিতাৰ বাবে বিবেচনা কৰা হ’ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰিৰ বাৰ্তা গ্রহণযোগ্য নহ’ব। বিজয়ী প্রতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰে সন্মানিত কৰা হ’ব আৰু প্ৰথম বিবেচিত তিনিটা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ’ব।
Assamese | September 1, 2025 3:29 PM | air news reading | Akashvani | Akashvani Guwahati | Golap Saikia | News Reading competition
প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতা