February 5, 2025 10:38 AM

views 34

ৰাষ্ট্ৰীয় ক্রীড়াত ল’নবলৰ ফাইনেলত অসমৰ বিতু দাস, সুৰঞ্জনা বৰুৱা; ডাবলছৰ ফাইনেলত বিমান নাথ-বিশ্বজিৎ খাওন্দ

ৰাজ্যৰ উদীয়মান ল’নবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱাই উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে বিমান নাথ আৰু বিশ্বজিৎ খাওন্দে পুৰুষৰ ডাবলছৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। সুৰঞ্জনাই কালি ছোৱালীৰ ২৫ বছৰ অনূৰ্ধ্ব শাখাৰ হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক আজি ২১-১০ প...

February 5, 2025 10:36 AM

views 54

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ দশমিক ১ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ দশমিক ৪ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান ...

February 4, 2025 8:35 PM

views 40

বাংলাদেশৰ সীমান্তৰ ৩,২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে : ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়

বাংলাদেশৰ সৈতে থকা ভাৰতৰ মুঠ ৪ হাজাৰ ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ৩ হাজাৰ ২৩২ কিলোমিটাৰৰো অধিক অংশত বেৰ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেঁও কয়, যে বেৰ স্থাপনৰ ফলত সীমান্তৰে হোৱা অপৰাধমূলক গতিবিধি, চোৰাং বেহা আৰু অপৰাধী...

February 4, 2025 8:23 PM

views 29

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা সম্পৰ্কত প্ৰধানমন্ত্ৰী শ্রীমোদীৰ উত্তৰ

বৰ্তমান চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰৰ প্...

February 4, 2025 8:15 PM

views 42

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙত লাভলীনা বৰগোহাঁইৰ ছেমি ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্রাম শাখাত অলিম্পিক পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত তেওঁ উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ৰ ব্যৱধানত পৰাজিত কৰি পদক নিশ্চিত কৰিছে। একেদৰে পুৰুষৰ ৭১ কিলোগ্রাম শা...

February 4, 2025 8:08 PM

views 49

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ...

February 4, 2025 8:04 PM

views 19

কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰে জেহাদী কাৰ্যকলাপৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই কালি নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰি জেহাদী কাৰ্যকলাপ চলাই থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই গ্ৰেপ্তাৰ কৰা লোকজন নাছিম উদ্দিন এছ কে বুলি প্ৰকাশ কৰিছে। ধৃত নাছিম উদ্...

February 4, 2025 7:57 PM

views 75

আজি বিশ্ব কৰ্কট দিৱস

আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এইবছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে- United by Uni...

February 4, 2025 7:54 PM

views 38

ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ

ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। গুণোৎসৱৰ আজি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এহেজাৰ ৫৭৪ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত ১ লাখ ৬৩ হাজাৰ ৮৭২ গৰাকী ...

February 4, 2025 7:34 PM

views 25

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত শিৱসাগৰত সজাগতা সভা

শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ সহযোগত যুৱদলত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী শ্ৰী পেগুৱে ৰাজ্যৰ ব্যৱসায়িক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগ...