April 15, 2025 7:16 PM

views 71

সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ অধিসূচনা জাৰি

অসম চৰকাৰে আজি পহিলা ব'হাগৰ দিনাই সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অধিসূচনা জাৰি কৰিছে। চৰকাৰী ভাষা আইন-১৯৬০ৰ ৭ আৰু ৩ নম্বৰ ধাৰা অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ অঞ্চলৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ জিলাতে আজিৰে পৰা সকলো চৰকাৰ...

April 15, 2025 2:37 PM

views 20

ডিজিটেল এৰেষ্টৰ গোচৰত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক চিবিআইৰ আটক

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ডিজিটেল এৰেষ্টৰ গোচৰত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক আটক কৰিছে। অপাৰেচন চক্ৰ-ফাইভৰ অধীনত চি বি আয়ে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু ৰাজস্থানৰ ১২ টা স্থানত অভিযান চলোৱাৰ অন্তত এই লোক কেইজনক আটক কৰে। চি বি আয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ ঝনঝুনুৰ ছাইবাৰ...

April 15, 2025 2:32 PM

views 48

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক বিধি বলৱতকাৰী সঞ্চালকালয়ৰ সোধাপোছা

বিধি বলৱতকাৰী সঞ্চালকালয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাক হাৰিয়ানাৰ ভূমি চুক্তিৰ সৈতে জড়িত ধন সৰবৰাহৰ তদন্ত সংক্ৰান্তত সোধাপোছা কৰিছে। গুৰুগ্ৰামৰ শ্ৰী ৱাদ্ৰাৰ মালিকানাধীন এটা কোম্পানীয়ে ভূমি ক্ৰয়ৰ সৈতে এই গোচৰটো জড়িত। ইয়াৰ পূৰ্বে আজি পুৱা ৱাদ্ৰাই ৰাষ্ট্ৰ...

April 15, 2025 2:30 PM

views 68

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়াগুলীত এজন সেনা জোৱান আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত যোৱা নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ চুৰানকোট মহকুমাৰ লাছানা গাঁৱত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্...

April 15, 2025 2:26 PM

views 85

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণাধীন

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা সংঘটিত অগ্নিকাণ্ডৰ পাছত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰু বৰ্হিৰোগ বিভাগৰ চিকিৎ‍সা সেৱাৰ কাম পুনৰ আৰম্ভ হৈছে। চিকিৎ‍সালয়খনৰ সঞ্চালক সংগীতা গুপ্তাই প্ৰকাশ কৰা অনুসৰি বৰ্হিৰোগ বিভাগৰ সকলো চিকিৎসকে বর্তমান ৰোগীক চোৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযো...

April 15, 2025 2:23 PM

views 91

আকাশবাণী হায়দৰাবাদ কেন্দ্ৰৰ হীৰক জয়ন্তী উদযাপন

আকাশবাণী হায়দৰাবাদ কেন্দ্ৰই আজি হীৰক জয়ন্তী উদযাপন কৰিছে। আকাশবাণী আৰু বাতৰি সেৱা বিভাগৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়ে আকাশবাণী হায়দৰাবাদ চৌহদত হীৰক জয়ন্তী স্তম্ভ ভার্চুৱেলী উন্মোচন কৰিব। ১৯৫০ চনত আজিৰ দিনটোতে হায়দৰাবাদ ৰাজ্যৰ নিজামৰ ডেক্কান ৰেডিঅ' ভাৰত চৰকাৰৰ অধীনলৈ আহিছিল।

April 15, 2025 2:17 PM

views 72

হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ৰাজ্যখন গৌৰৱময় সংস্কৃতিৰ বাবে বিখ্যাত আৰু ইয়াৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু বীৰত্বৰ বাবে জনাজাত। আজি ৰাজ্যখনৰ বিশেষ দিনটোত তেওঁ সকলোৰে সুখ-স...

April 15, 2025 2:14 PM

views 49

৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ

৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কালি পঞ্জীয়ন আৰম্ভ হৈছে। তীর্থযাত্ৰীসকলে শ্ৰী অমৰনাথ তীর্থস্থান পৰিষদৰ ৱেবচাইট jksasb.nic.in. ৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। তদুপৰি সমগ্ৰ দেশৰ ৫৪০ টাৰো অধিক পঞ্জীকৃত বেংক অথবা পঞ্চায়ত ভৱন, বৈষ্ণৱী ধাম আৰু মহাজন প্রেক্ষাগৃহৰ দৰে কেন্দ্ৰসমূহত অমৰনাথ যাত্...

April 15, 2025 1:29 PM

views 40

হোজাই জিলাত গাঁও পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৯৯৩ জনৰ মনোনয়ন পত্র দাখিল

ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও জিলা প্রশাসনসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। হোজাই জিলাত এই নির্বাচনক নৈ প্রস্তুতি চলি আছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে প্ৰকাশ কৰা মতে জিলাখনত নিৰ্বাচনৰ বাবে ৪ হাজাৰতকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হ'ব। ইতিমধ্যে দুজন নির্বাচনী ...

April 15, 2025 1:24 PM

views 15

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কালি সন্ধিয়াৰে পৰা নিখোজ হৈ থকা ধীৰাজ সাহানী নামৰ ১৯ বছৰীয়া যুৱকজনৰ মৃতদেহ আজি এছ ডি আৰ এফে উদ্ধাৰ কৰে। যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে যোৱা নিশাৰে পৰা অভিযান চলাই আছিল।