April 27, 2025 11:42 AM

views 55

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে ২০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এক অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৭ ৰান সংগ্ৰ কৰা অৱস্থাত বৰষুণে খেলখনত বিধিপথালি দি...

April 27, 2025 11:33 AM

views 38

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ মাজত সন্ত্ৰাসবাদ সম্পৰ্কে টেলিফোনিক বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰী ড০ বদৰ আবদেলাট্টিৰ সৈতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে ইজিপ্তৰ বিদেশ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ফোন যোগে কথা পতাৰ বিষয়ে উল্লেখ কৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ...

April 27, 2025 11:26 AM

views 52

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ

গৃহ মন্ত্ৰালয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এক অৰ্পণ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সংস্থাটোৱে এতিয়া এই সন্ত্রাসবাদী আক্ৰমণৰ আনুষ্ঠানিক তদন্ত কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় তদন্তৰ দলে আক্রমণ স্থলী পৰিদৰ্শন কৰিছিল। যোৱা ২২ এপ্ৰিলত পহলগামৰ বেইচৰন বনাঞ্চলত...

April 27, 2025 11:19 AM

views 21

চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তি সম্পৰ্কীয় বিভ্ৰান্তিকৰ প্ৰচাৰত ভোল নাযাবলৈ  পৰীক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি য়ে চিকিৎসা বিজ্ঞানৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নিট ইউ জিৰ সন্দেহজনক দাবীৰ বিষয়ে জনোৱাৰ বাবে এখন সুকীয়া মঞ্চ মুকলি কৰিছে। এন টি এ পৰীক্ষাৰ্থীসকলক ভুৱা দাবীৰে প্রবঞ্চনা কৰিব খোজা অসাধু ব্যক্তিসকলৰ কথাত ভোল নাযাবলৈ পৰামৰ্শ দিছে। সংস্থাটোৱে লগতে এনেধৰণৰ বিভ...

April 27, 2025 11:12 AM

views 27

ইৰানৰ দক্ষিণ প্ৰান্তৰ ছাহিদ ৰাজা বন্দৰত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি

ইৰানৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আববাছ চহৰৰ সমীপৰ ছাহিদ ৰাজা বন্দৰত কালি হোৱা ভয়াবহ বিস্ফোৰণত নিহতৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত কমেও ৭৫০ জন লোক আহত হৈছে। দেশখনৰ অভ্যন্তৰীণ মন্ত্ৰী ইস্কন্দৰ মোমেনিয়ে এই বিষেয় সদৰি কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে সামাজিক মাধ্যম যোগে এই বিস্ফোৰণত প্...

April 27, 2025 11:07 AM

views 31

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড মাস্কতত সম্পন্ন

ইৰান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড কালি মাস্কতত সম্পন্ন হয়। আলোচনাত দুয়ো পক্ষই অহা সপ্তাহত আলোচনা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চলি থকা দশক দশক পুৰণি অচলাবস্থা দূৰ কৰাই এই আলোচনাৰ মূল উদ্দেশ্যে। আলোচনাৰ অন্তত ইৰাণৰ বিদেশ মন্ত্ৰী আ...

April 27, 2025 11:05 AM

views 48

ডিব্ৰুগড়ত দুখন উৰণ সেতু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি কৰিব। পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত নৱনিৰ্মিত ড০ লীলা গগৈ উৰণ সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰা হ'ব। ৫৬ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ...

April 27, 2025 11:01 AM

views 21

ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিভিন্ন স্থানত অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত এইপর্যন্ত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নগাঁও জিলাৰ চামগুৰিত মাছুম আজাহাৰ নামৰ এজ...

April 27, 2025 10:56 AM

views 54

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্মঃ মোহন ভাগৱত

অহিংসা ভাৰতৰ ধৰ্ম আৰু ইয়াৰ প্ৰমূল্যৰাজিৰ গুৰুত্বপূৰ্ণ অংশ যদিও অত্যাচাৰী আৰু উদণ্ডসকলক শিক্ষা দিয়াটোও ইয়াৰ ধৰ্ম বুলি আৰ এছ এছৰ মুৰববী মোহন ভাগৱতে মন্তব্য কৰিছে। নতুন দিল্লীত কালি দ্যা হিন্দু মেনিফেষ্টো নামৰ এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰী ভাগৱতে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে কেতিয়াও আনৰ ক্ষত...

April 27, 2025 10:53 AM

views 34

পহলগামৰ সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মচুড পেজেছকিয়ানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ সৈতে জড়িত কোনো কাৰ্যৰ সপক্ষে ...