December 13, 2025 12:40 PM

views 31

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে ১,১৬৪ গৰাকী অধিবক্তাৰ ভোট

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰুদ্ধে এহেজাৰ ১৬৪ গৰাকী অধিবক্তাই ভোট দিয়ে। ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয় স্থানান্তৰৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে মাত্র ১৪৫ গৰাকী অধিবক্তাইহে ভোটদান কৰে। উত্তৰ গুৱাহাটীলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই বাৰ এছ'ছিয়...

December 13, 2025 12:37 PM

views 35

চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰে পৰা চতুৰ্থ সমবায় মেলা

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আজিৰ পৰা ১৫ ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিব। মেলাত হাতে বোৱা কাপোৰ, বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাটেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত...

December 13, 2025 12:34 PM

views 62

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত কালি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত কালি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ...

December 13, 2025 12:32 PM

views 56

আনজাওৰ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ চিকিৎসাধীন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত আঘাতপ্রাপ্ত শ্রমিক বুদ্ধেশ্বৰ দীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্র শ্রমিক। দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ৬ জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হ...

December 13, 2025 12:25 PM

views 41

বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি জনজাতীয় শিক্ষার্থীয়ে বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি বি টি আৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-...

December 13, 2025 12:21 PM

views 54

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। এয়া হ'ব দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে ক...

December 13, 2025 12:06 PM

views 36

চণ্ডীশগড়ৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে : মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই

চণ্ডীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে ৰাজ্যখনৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ দুবছৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয়, যে সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এতিয়ালৈকে ৫০৫ জন মাওবাদী নিহত হোৱাৰ বিপৰীতে দুহেজাৰ...

December 13, 2025 12:00 PM

views 27

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ পৰিকল্পিত ব্যৱস্থা

দিল্লীৰ ক্রমবর্ধিত প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ধূলি নিয়ন্ত্ৰণৰ বাবে ৰাজপথসমূহ পৰিকল্পিতভাৱে নিৰ্মাণ কৰি অহা হৈছে। শ্বালিমাৰ বাগ বিধানসভা সমষ্টি ভ্ৰমণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে ৰাজপথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিধায়কসকললৈ পৰ্যাপ্ত পৰিমাণৰ ধন আগবঢ়োৱা হৈছে। শ্ৰীমতী ...

December 13, 2025 11:56 AM

views 34

নতুন দিল্লীত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা

শ্ৰমিকৰ কল্যাণ সাধন আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ স্পষ্ট, সামঞ্জস্যপূৰ্ণ আৰু অগ্ৰগামী শ্রম নীতি যুগুত কৰাৰ বাবে আইনী পৰিকাঠামো গঢ়ি তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশ লৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ জ্য...

December 13, 2025 11:52 AM

views 37

৮ খন ৰাজ্যৰ ভোটাৰ তালিকাৰ সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ

নির্বাচন আয়োগে দেশৰ মুখ্য ৮ খন ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী পর্যবেক্ষণৰ বাবে বিশেষ ভোটাৰ পৰ্যবেক্ষক নিয়োগ কৰিছে। এই পর্যবেক্ষকসকলক পশ্চিমবংগ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, গুজৰাট, কেৰালা, মধ্যপ্রদেশ, চণ্ডীগড় আৰু ৰাজস্থানত নিয়োগ কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে পর্যবেক্ষক...