শ্ৰমিকৰ কল্যাণ সাধন আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ স্পষ্ট, সামঞ্জস্যপূৰ্ণ আৰু অগ্ৰগামী শ্রম নীতি যুগুত কৰাৰ বাবে আইনী পৰিকাঠামো গঢ়ি তোলা হৈছে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অংশ লৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা আলোক চন্দ্ৰাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই নতুন পৰিকাঠামো— ডিজিটেল প্ৰথম পদ্ধতিলৈ পৰিৱৰ্তিত কৰি ব্যৱসায় বৃদ্ধিৰ বাবে সহজভাৱে নিৰ্মাণ কৰা হৈছে। শ্রমিকৰ কল্যাণৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে নতুন শ্রম নীতিৰ জৰিয়তে পূৰ্বৰ নিয়োগ ব্যৱস্থাত অন্তর্ভুক্ত নোহোৱা সকলো খণ্ডতে ন্যূনতম মজুৰী সাৰ্বজনীন কৰি তোলা হৈছে। পর্যটক সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে নিশাৰ ভাগত মহিলাকর্মীক নিয়োজিত কৰি কর্মশক্তিক প্ৰসাৰিত কৰিবলৈ নতুন শ্রম সংহিতাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
Assamese | December 13, 2025 11:56 AM | Labour & Employment Ministry
নতুন দিল্লীত সৰ্বভাৰতীয় নিয়োগ কৰ্তা সংস্থাৰ ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা