December 22, 2025 10:19 PM

views 59

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩,৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩ হাজাৰ ৪২০ গৰাকী প্রার্থীক আজি নিযুক্তি পত্র প্রদান কৰা হয়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক্ৰি...

December 22, 2025 8:10 PM

views 46

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত নতুন দিল্লীত দুদিনীয়া বিশেষ বৈঠকৰ আয়োজন কৰে। বৈঠকত স্বাস্থ্য যতনৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধক আন্তৰাষ্ট্ৰীয...

December 22, 2025 7:54 PM

views 68

প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ...

December 22, 2025 8:16 PM

views 56

কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান

দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সংস্থাই কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। মালয়েছিয়াৰ কোৱালালামপুৰত আজি কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত বৈদেশিক মন্ত্রীসকল এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত দক্...

December 22, 2025 11:52 PM

views 48

ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ' আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰ...

December 23, 2025 12:02 AM

views 24

শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

ৰাষ্ট্ৰীয় মহিলা আয়োগে যুৱ গৱেষকসকলক জলপানি প্রদানেৰে মহিলাৰ সমস্যা সম্পৰ্কীয় বিষয়ত গৱেষণাৰ বাবে শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত মহিলাৰ সুৰক্ষা আৰু মর্যাদা, লিংগভিত্তিক হিংসা, মহিলাৰ আইনী অধিকাৰ আৰু আইনী সুবিধাৰ লভ্যতা, চাইবাৰ সুৰক্ষা, স্বাস্থ্য আৰু পৰিপুষ্টি. অর্...

December 22, 2025 11:57 PM

views 63

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিন...

December 22, 2025 1:23 PM

views 45

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩,৪২০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৩ হাজাৰ ৪২০ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত স্বচ্ছ আৰু নিকা প্ৰক...

December 22, 2025 1:18 PM

views 51

বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বটদ্ৰৱা থান পৰিদৰ্শন কৰি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা সাংস্কৃতিক প্রকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত কয় যে গু...

December 22, 2025 1:17 PM

views 42

মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত কামৰূপ জিলাত বিশ্বাস যাত্ৰা

মহিলাৰ সুৰক্ষা আৰু অধিকাৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আজি কামৰূপ জিলাত বিশ্বাস যাত্ৰা উলিওৱা হয়। কামৰূপ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা বিশ্বাস যাত্ৰাৰ কাৰ্যসূচী জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই উদ্বোধন কৰে। অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আ...