ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত নতুন দিল্লীত দুদিনীয়া বিশেষ বৈঠকৰ আয়োজন কৰে। বৈঠকত স্বাস্থ্য যতনৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধক আন্তৰাষ্ট্ৰীয় মানেৰে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আয়ুৰ্বেদিক, সিদ্ধা, ইউনানি পৰম্পৰাগত চিকিৎসাৰ সন্দৰ্ভত গোলকীয় পৰ্যায়ত সজাগতাৰ সৃষ্টিৰ বাবে চলিত বৰ্ষৰ মে’ মাহত আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে।
Assamese | December 22, 2025 8:10 PM | Akashvani | Akashvani News | Ministry of Ayush
ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে