November 17, 2025 7:58 PM

views 75

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে...

November 17, 2025 7:55 PM

views 53

গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ...

November 17, 2025 7:49 PM

views 54

আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙৰ পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ

ইজিপ্তৰ কাইৰোত চলিত আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙে পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে। বিশ্ব ছেম্পিয়নশ্বিপত গুৰপ্ৰীত সিঙৰ দ্বিতীয়টো পদক। ২০১৮ চনতো গুৰপ্ৰীত সিঙে বিশ্ব ছেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। গুৰপ্ৰীতৰ পদকৰ সৈতে ভাৰতে বিশ্ব ছেম্পিয়নশ্বি...

November 17, 2025 7:27 PM

views 52

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ মৃত্যুদণ্ডৰে দণ্ডিত

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক আজি বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। তেওঁৰ সৈতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রী আছাদুজ্জামানকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনক একেটা গোচৰতে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আজি ঢাকা...

November 17, 2025 7:23 PM

views 164

বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন

অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বেই ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্য...

November 17, 2025 7:21 PM

views 91

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাৰ ৩ টা সমষ্টিৰ ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে অনাগত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ জিলাৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্গত ৩ টা সমষ্টিৰ সকলো ভোটগ্রহণ কেন্দ্ৰৰ চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে। চূড়ান্ত ভোটাৰ তালিকা সংশ্লিষ্ট সকলো নিৰ্বাচনী পঞ্জীয়ক বিষয়া, ৰাজ...

November 17, 2025 6:45 PM

views 69

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকস...

November 17, 2025 6:42 PM

views 66

প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ

গুৱাহাটীৰ টাডা আদালতে আজি প্রাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে দুজন জামিনদাৰ আৰু প্রত্যকৰে এক লাখ টকাৰ জৰিমণাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে ১৯৯৩ চনত কাৰ্বি আংলং জিলাৰ খেৰণিত কানহায়ালাল গুপ্ত...

November 17, 2025 6:39 PM

views 65

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ ৬ টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ জিলাকেইখনত প্ৰতিবাদ অব্যাহত আছে। আজি দিছপুৰ প্ৰেছ ক্লাবত টাই আহোম যুৱ পৰিষদ অসমে এখন সংবাদমেলত অনুষ্ঠিত কৰি জনজাতিকৰণৰ দাবী সজোৰে উত্থাপন কৰে। এই দাবী পূৰণ নহ'লে অনাগত সময়ত আন্দোলন তীব্ৰ কৰি তোলা হ'ব বুলিও তেওঁলোকে ল...

November 17, 2025 6:34 PM

views 101

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী-চমুকৈ এছ আই আৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰ...