January 5, 2025 11:23 AM

views 42

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত বিধানসভাৰ অধ্যক্ষই কালি এই চূড়ান্ত ৰায় দিয়ে। কংগ্ৰেছৰ আবেদন খাৰিজ কৰি শ্বেৰমানৰ বিধায়ক পদ বাহাল ৰখা হয়। বিধায়ক পদ খাৰিজ কৰিব পৰাকৈ শ্বেৰমান আলীয়ে সং...

January 5, 2025 11:18 AM

views 63

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ১১ পৰা ১৩ জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্রকল্প এলেকাৰ পূব অসম বন্যপ্রাণী বন সংমণ্ডল, নগাঁও বন্যপ্রাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কার্যসূচী গ্ৰহণ ক...

January 5, 2025 11:15 AM

views 49

ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীৰ ৰেচন কাৰ্ডৰ সুবিধা লাভ

ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা এই মাহৰ অন্ন সেৱা দিন অভিযানৰ কালি চতুর্থ দিনালৈকে সমগ্র ৰাজ্যৰ ৬২ শতাংশতকৈও অধিক হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিছে। ৬৬ শতাংশতকৈও অধিক লোকৰ মাজত বিনামূলীয়া খাদ্য বিতৰণ কৰা হৈছে। ৰাজ্য চৰকাৰ প্ৰতিজন নাগৰিকৰ খাদ্য আৰু পুৰিপুষ্টি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ।...

January 5, 2025 11:12 AM

views 32

বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা মৰিগাঁৱৰ দুজন শিক্ষকক  চাকৰিৰ পৰা বৰ্খাস্ত

বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰা মৰিগাঁৱৰ দুজন শিক্ষকক ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। শিক্ষা সঞ্চালকালয়ে এটা নিৰ্দেশনাৰ জৰিয়তে মৰিগাঁও জিলাৰ কপিলিৰ ঠেংখালি খান্দা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম আৰু মৰিগাঁৱ লাহৰি ঘাটৰ উলুবাৰী এন ই স্...

January 5, 2025 11:08 AM

views 79

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল

বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং আইন ১৯৫৪ৰ অধীনত দেশৰ ভিন্ন পান্তৰ ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইয়াৰে ভিতৰত বিগত সময়ছোৱাত বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খোৱা তেজপুৰৰ মহাভৈৰব কো অপাৰেটিভ আৰবান বেংক লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰো ৰিজ...

January 5, 2025 11:05 AM

views 61

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈৰ প্ৰকাশ

সাম্প্রতিক সময়ত আহোম জনগোষ্ঠী সৰ্ববৃহৎ সংকটৰ মুখামুখি হৈছে বুলি বি বি চিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈয়ে প্ৰকাশ কৰিছে। বি বি চিৰ চাউথ ইষ্ট এচিয়াৰ এডিটৰিয়েল লীড শচীন গগৈয়ে চৰাইদেউ জিলাৰ সোণাৰীত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিবেশনত অসমৰ জাতীয় জীৱনলৈ টাই আহোম জনগো...

January 5, 2025 11:03 AM

views 73

অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন

অসম গ্ৰন্থ মেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ চিত্রাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্রন্থমেল...

January 5, 2025 11:00 AM

views 46

সোমবাৰে মুম্বাইত এডভাণ্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব

অসমত এডভান্টেজ আছাম দ্বিতীয় তথা বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ আগশাৰীৰ উদ্যোগিক প্রতিষ্ঠান- টাটা গ্ৰুপৰ অধ্যক্ষ আৰু আন শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন, টাটা কঞ্জিউমাৰৰ মুখ্য কাৰ্যবাহী বিষয়া সুনীল ...

January 5, 2025 10:57 AM

views 56

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ভাৰতৰ  ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

চিডনীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কালি ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১৪১ ৰানৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল ১৬ ৰানহে যোগ দিবলৈ সমর্থ হয়। আলহী দলটোৱে আটাইকেইট...

January 5, 2025 10:55 AM

views 52

স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰৰ ব্যৱস্থা উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশ চৰকাৰে স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত মহাকুম্ভ মেলা ২০২৫ৰ প্ৰচাৰ কৰিব। মহাকুম্ভ মেলা মানৱতাৰ সাংস্কৃতিক ঐতিহ্য বুলি তুলি ধৰাৰ লগতে ইয়াৰ আধ্যাত্মিক, ঐতিহাসিক আৰু সাংস্কৃতিক দিশসমূহতো আলোকপাত কৰা হ'ব। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে মাদ্রিদত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলাত...