January 5, 2025 8:39 PM

views 69

দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়ঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়। দিল্লীত আজি এন চি চি গণৰাজ্য দিৱস শিবিৰ মুকলি কৰি শ্ৰীধনখড়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে জাতীয়তাবাদ সংস্থা আৰু ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ প্ৰয়োজন। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়,...

January 5, 2025 8:36 PM

views 62

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ উত্থাপন

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত ভৱিষ্যতৰ মহানগৰী হিচাপে পৰিৱৰ্তন কৰিবলৈ বিজেপিক এটা সুযোগ প্ৰদান কৰাৰ বাবে দিল্লীৰ জনসাধাৰণক আহ্বান জনায়। নতুন দিল্লীৰ...

January 5, 2025 8:30 PM

views 44

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ মূল উদ্দেশ্য হ'ল আঞ্চলিক সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে যাতায়াত ব্যৱস্থা সূচল কৰি তোলা। প্রধানমন্ত্রী মোদীয়ে চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোক নগৰ ৰেল ষ্টেচন...

January 5, 2025 8:26 PM

views 174

চি এছ আই আৰে পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙৰ ঘোষণা

বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ - চি এছ আই আৰে বিষ উপশম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙে ঘোষণা কৰিছে। নতুন দিল্লীত আজি বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ প্ৰতিষ্ঠা দিৱস...

January 5, 2025 8:06 PM

views 53

শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলৰ সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ লাভ

নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্রীড়া বৰ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত আৰ এছ বি, শ্বিলঙৰ অমোলিকা সিং চিছোদিয়াই বিভা কুমাৰীক ২১-১১, ২১–১২ ব্যৱধানত ...

January 5, 2025 8:04 PM

views 50

অষ্ট্ৰেলিয়াই টেষ্ট শৃংখলাত ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক ৩-১ ৰ ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ আশা নির্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বোলান্দক প্লেয়াৰ অৱ দ্যা মেচ আৰু য...

January 5, 2025 8:00 PM

views 66

মঙলদৈত ইনফিনিটি থ্ৰি পইণ্ট জীৰ শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত

ৰাজ্যৰ অপেচাদাৰী যুৱ আলোকচিত্র শিল্পীসকলক তেওঁলোকৰ সৃষ্টিশীল প্রতিভা বিকশিত হোৱাত সুযোগ প্ৰদানৰ লক্ষ্যৰে দৰং জিলা ফটোগ্রাফিক চ'ছাইটিৰ উদ্যোগত মঙলদৈ সনাতন ধর্ম সভা প্ৰাংগণত কালি বিয়লিৰ পৰা ইনফিনিটি থ্ৰি পইণ্ট জীৰ' শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্র প্রদর্শনী অনুষ্ঠিত হয়। এই দুদিনীয়া প্ৰদৰ্শনীত অসমৰ ল...

January 5, 2025 7:51 PM

views 37

কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদানৰ লগতে ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ

অসম চৰকাৰে অহা ১৭ জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প,সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ৫ গৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যিক বঁটাৰে সন্মানিত কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰী বৰাই কয়, যে বিশিষ্ট কণ্ঠশিল্পী ড০ অনিম...

January 5, 2025 7:29 PM

views 33

শিৱসাগৰৰ বেটনাত অনুষ্ঠিত মাৰাথনত ৰাজ্যৰ বিভিন্ন জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা বেটনাত আজি প্ৰথমবাৰৰ বাবে মাৰাথনৰ আয়োজন কৰা হয় ৷ পানবেচা টাইকোৱানডো একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মাৰাথনত কোকৰাঝাৰ, বঙাইগাঁও, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ২১ কিলোমিটাৰ দূৰত্বৰ এই মাৰাথনত গোলাঘাটৰ তিলেশ্বৰ কুৰ্মীয়ে প...

January 5, 2025 7:25 PM

views 66

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতিৰে কাৰ্বি জনগোষ্ঠীৰ ৰংকেৰ পূজা পালন

কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে ৰংকেৰ পূজা পালন কৰে। জিলাখনৰ সদৰ ডিফুৰ লগতে অন্যান্য স্থানতো এই পূজাৰ আয়োজন কৰা হয়। পূজাৰ অংশ হিচাপে পুৰোহিতসকলে ৰাইজৰ অপায়-অমঙ্গল দূৰ কৰি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি উঠাৰ কামনা কৰে। উল্লেখযোগ্য যে ...