শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা বেটনাত আজি প্ৰথমবাৰৰ বাবে মাৰাথনৰ আয়োজন কৰা হয় ৷ পানবেচা টাইকোৱানডো একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মাৰাথনত কোকৰাঝাৰ, বঙাইগাঁও, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ২১ কিলোমিটাৰ দূৰত্বৰ এই মাৰাথনত গোলাঘাটৰ তিলেশ্বৰ কুৰ্মীয়ে প্ৰথমস্থান দখল কৰে। এই মাৰাথনৰ সৈতে সংগতি ৰাখি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আৰু সম্বৰ্ধনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছিল। মূল মাৰাথনৰ পূৰ্বে মহিলা আৰু কিশোৰীসকলৰ মাজত মিনি মাৰাথন প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷
Assamese | January 5, 2025 7:29 PM | Sibasagar District
শিৱসাগৰৰ বেটনাত অনুষ্ঠিত মাৰাথনত ৰাজ্যৰ বিভিন্ন জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ