July 3, 2025 7:54 PM

views 21

শিৱসাগৰত দিখৌ নৈত সন্ধানহীন হোৱা কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ

 শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰ দুজনৰ এজনৰ মৃতদেহ আজি শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হয়। মঙলবাৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছিল। আজি কোঁৱৰপুৰৰ হাৰমতিগড়ৰ দলঙৰ তলত উদ্ধাৰ হোৱা কিশোৰজনৰ মৃতদেহটো পূৰৱ দত্তৰ বুলি আমাৰ সংবাদদাতাই জনাইছে।

January 5, 2025 7:29 PM

views 31

শিৱসাগৰৰ বেটনাত অনুষ্ঠিত মাৰাথনত ৰাজ্যৰ বিভিন্ন জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা বেটনাত আজি প্ৰথমবাৰৰ বাবে মাৰাথনৰ আয়োজন কৰা হয় ৷ পানবেচা টাইকোৱানডো একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মাৰাথনত কোকৰাঝাৰ, বঙাইগাঁও, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ২১ কিলোমিটাৰ দূৰত্বৰ এই মাৰাথনত গোলাঘাটৰ তিলেশ্বৰ কুৰ্মীয়ে প্ৰথমস্থান দখল কৰে। এই মাৰাথনৰ সৈতে সংগতি ৰাখি পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আৰু সম্বৰ্ধনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হৈছিল। মূল মাৰাথনৰ পূৰ্বে মহিলা আৰু কিশোৰীসকলৰ মাজত মিনি মাৰাথন প্রতিযোগিতাৰ আ...