January 9, 2025 8:39 PM

views 45

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন

লোক কৃষ্টি গৱেষণা উন্নয়ন সমিতি তথা চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম প্রাঙ্গণত চৰাইদেউ মহোৎসৱ ২০২৫-ৰ আয়োজন কৰা হৈছে। আজি পুৱা মাঙ্গলিক কাৰ্যসূচীৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে স্বৰ্গদেউসকলৰ তৰ্পণ আৰু বান-ফি ...

January 9, 2025 8:37 PM

views 70

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত

অসমবাসীৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিগত দুদিন ধৰি ৰাজ্যত বৃদ্ধি পোৱা শীতৰ প্ৰকোপকো নেওচি জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। একেদৰে ডেকাসকল মেজি, ভেলাঘৰ সাজি...

January 9, 2025 8:36 PM

views 50

অহা শনিবাৰে আকাশবাণীৰ দৃষ্টিপাতত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. 18640-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণ...

January 9, 2025 8:33 PM

views 39

অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক কর্মশালা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনৰ অসম ৰাজ্যিক মহাকাশ প্রয়োগ কেন্দ্ৰৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত মহাকাশ প্রযুক্তি আৰু ভূ-স্থানীক উত্তৰণ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত অংশগ্...

January 9, 2025 8:32 PM

views 70

উমৰাংছ’ৰ কয়লা খনিৰ আৱদ্ধ শ্ৰমিকৰ সন্ধান অব্যাহত

যোৱা সোমবাৰে উমৰাংছ'ৰ তিন কিল'ৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ তিনি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কার্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি স...

January 9, 2025 8:28 PM

views 53

চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন আৰম্ভ

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখ্ৰাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ...

January 9, 2025 7:02 PM

views 36

জয়ন্ত মল্লবৰুৱাৰ সৈতে গুৱাহাটীত তোখান চাহুৰ বৈঠক

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী তোখান চাহুৱে আজি অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে গুৱাহাটীত এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত বিভাগটোৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে অসমত তেওঁৰ বিভাগৰ অধীনত চলি থকা কেইবাখনো আঁচনিৰ খতিয়...

January 9, 2025 7:00 PM

views 68

অজন্তা নেওগৰ উপস্থিতিত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত মন্ত্রী অজন্তা নেওগৰ উপস্থিতিত লোকসেৱা ভৱনৰ সভাকক্ষত ৰাজহ সৃষ্টিকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বন, পৰিবহণ, আবকাৰী আদি বিভাগৰ বিগত বৰ্ষৰ তুলনাত ২০২৪-২৫ বিত্তীয় বৰ্ষত হোৱা কৰ সংগ্ৰহ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সম্ভাৱ...

January 9, 2025 6:57 PM

views 62

ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ অসম চৰকাৰ

অসম চৰকাৰ অহা বছৰৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ লক্ষ্য পূৰণৰ দিশে অগ্ৰসৰ হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শীঘ্ৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ ৪,৫০০ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই চাকৰিসমূহৰ বাবে আব...

January 9, 2025 6:53 PM

views 44

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনৰ গৃহ প্ৰৱেশ অনুষ্ঠানত শিৱৰাজ সিং চৌহানৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৫০ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ধৰিত্ৰী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযানৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩২ কোটি ৬৪ লাখ টকাৰ কৃষি যন্ত্ৰপাতিৰ বিতৰণ অনুষ্ঠান...