কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীত প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত ৫০ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ধৰিত্ৰী আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযানৰ অধীনত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩২ কোটি ৬৪ লাখ টকাৰ কৃষি যন্ত্ৰপাতিৰ বিতৰণ অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ২০গৰাকী লাখপতি বাইদেউক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
Assamese | January 9, 2025 6:53 PM | sibraj singh chuhan
প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনৰ গৃহ প্ৰৱেশ অনুষ্ঠানত শিৱৰাজ সিং চৌহানৰ অংশগ্ৰহণ