January 20, 2025 7:59 PM

views 17

কোচ ৰাজবংশী সন্মিলীত মঞ্চৰ মঙলবাৰৰ ১২ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ

কোচ ৰাজবংশী সন্মিলীত মঞ্চই কাইলৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সংস্থাটোৱে যোৱা ৭ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছিল। মঞ্চৰ ১৪ জনীয়া এটা প্ৰতিনিধি দলে যোৱা শনিবাৰে গুৱাহাটীত মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে এ...

January 20, 2025 7:58 PM

views 13

ন্যায়াধীশ কাৰ্ডাক ইতে আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাই কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিব

ন্যায়াধীশ কাৰ্ডাক ইতে আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাই কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিব। কাইলৈ দিনৰ ১০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ন্যায়াধীশ ইতে আৰু ন্যায়াধীশ কলিতাক শপতবাক্য পাঠ কৰোৱাব।

January 20, 2025 7:56 PM

views 38

কোকৰাঝাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ গুৱাহাটীৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান, ৩৭ লাখ টকাসহ পিষ্টল-গুলী উদ্ধাৰ

আয় বর্হিভূত সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰ আনন্দ নগৰ আৰু জয়ানগৰত থকা কোকৰাঝাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়া সূৰ্য বৰুৱাৰ দুটাকৈ বাসগৃহত পৃথকে অভিযান চলায়। কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত তদন্তকাৰী বিষয়াসকলে সূৰ্য বৰুৱাৰ বাসগৃহৰ পৰা ৩৭ লক্ষাধিক টকাৰ লগতে এট...

January 20, 2025 1:19 PM

views 49

আই চি চিৰ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়েৰে ভাৰতৰ অভিযান আৰম্ভ

আই চি চিৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰতে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। কালি কোৱালালামপুৰত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৪৫ ৰানৰ লক্ষ্য ভাৰতে মাত্র ৪ অভাৰ আৰু ২ টা বলত এটা উইকেট হেৰুৱায়ে অতিক্ৰম কৰে। দুই অভাৰত ৫ ৰান ব্যয় কৰি দুটা উইকেট...

January 20, 2025 1:17 PM

views 44

দিচাংমুখৰ পোহাৰাম পাংগিঙৰ ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যলৈ ৰপ্তানি

শিৱসাগৰ জিলাৰ দিচাংমুখৰ কৃষক পোহাৰাম পাংগিঙে ২০০ বিঘা মাটিত উৎপাদিত অন্যান্য শাক- পাচলিৰ লগতে ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ডুবাইলৈ ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। খেতিয়কগৰাকীয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ২৫ মেট্রিক টন পাচলি ডুবাইলৈ প্ৰেৰণ কৰিছিল। ইতিমধ্যে দিচাংমুখৰ শাক-পাচলিয়ে বিদেশৰ ব...

January 20, 2025 1:16 PM

views 33

গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা গ্রীণ এণ্ড গ্রীণ ইণ্ডিয়াৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট আৰু মাজুলীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। অহা ২৫ আৰু ২৬ জানুৱাৰীত যোৰহাটৰ চাউলুং চ্যুকাফা আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু ২৭ জানুৱাৰীত মাজুলীত হ'বলগীয়া এই সন্মিলনত দেশ-বিদেশৰ ...

January 20, 2025 1:14 PM

views 39

ধেমাজিৰ মাছখোৱাত আজি অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশন

ধেমাজিৰ মাছখোৱাত আজি হ'বলগীয়া অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ চতুর্থ বার্ষিক অধিবেশনত আকাশবাণী গুৱাহাটী কেন্দ্ৰক অনুপ্ৰেৰণা বঁটা ২০২৫ আগবঢ়োৱা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ নিয়মীয়া শ্রোতা তথা পত্ৰলেখক বঁটা দেৰগাঁৱৰ মন্টু বৰুৱা, লখিমপুৰৰ শান্তিৰাণী নাথ বৰুৱা আৰু ধেমাজিৰ দেবদত্তলৈ আগবঢ়োৱা হ'ব। শ্রেষ্ঠ ...

January 20, 2025 1:12 PM

views 50

আই আই টি গুৱাহাটীত পেন আই আই টি ৱৰ্ল্ড অব্ টেকন’লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠান

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীত কাইলৈ পেন আই আই টি ৱৰ্ল্ড অব্ টেকন'লজি মিট ২০২৫ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত হ'বলগীয়া প্ৰযুক্তি বিদ্যা সম্পৰ্কীয় এই সন্মিলনখন কাইলৈ পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আ...

January 20, 2025 1:11 PM

views 39

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ একক প্ৰদৰ্শনী উদ্বোধন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাই বিখ্যাত চিত্র ভাস্কর্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত কুমাৰ বৰুৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ পৰিক্ৰমাক লৈ অংকন কৰা এলানি চিত্ৰৰ একক প্ৰদৰ্শনী উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি ম...

January 20, 2025 1:09 PM

views 52

ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

২০১৮-১৯ বিত্তীয় বৰ্ষৰ তুলনাত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহ সংগ্রহ ৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮-১৯ বৰ্ষত অসম চৰকাৰৰ মুঠ নিজা ৰাজহ ২৪ হাজাৰ ১৪৬ কোটি টকা আৰু ২০২০-২১ বৰ্ষত ২০ হাজাৰ ৩৩ কোটি আছিল যদিও ২০২১-...