কোচ ৰাজবংশী সন্মিলীত মঞ্চই কাইলৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত সংস্থাটোৱে যোৱা ৭ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছিল। মঞ্চৰ ১৪ জনীয়া এটা প্ৰতিনিধি দলে যোৱা শনিবাৰে গুৱাহাটীত মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। আলোচনাত শ্ৰী হাজৰিকাই জনগোষ্ঠীটোৰ দাবীসমূহৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক অসম বন্ধ উঠাই ল’বলৈ আহ্বান জনায়। সেই অনুসৰি সন্মিলীত মঞ্চই আজি বঙাইগাঁৱত এখন সংবাদমেল অনুষ্ঠিত কৰি বন্ধ উঠাই লোৱাৰ কথা ঘোষণা কৰে। মঞ্চই লগতে অহা ৪ ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত নহ’লে পুনৰ অসম বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।
Assamese | January 20, 2025 7:59 PM | konch rajbongshi assam band
কোচ ৰাজবংশী সন্মিলীত মঞ্চৰ মঙলবাৰৰ ১২ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ