January 29, 2025 12:43 PM

views 50

শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ সফলতাৰে উৎক্ষেপন ইছৰোৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা এন ভি এছ- ০২ নামৰ নতুন প্রযুক্তিচালিত কৃত্ৰিম উপগ্ৰহটো সফলতাৰে উৎক্ষেপন কৰে। আজি পুৱা ৬ বাজি ২৩ মিনিটত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জি এছ এল ভি এফ-15 নামৰ মহাকাশ যানেৰে উপগ্ৰহটো উৎক্ষেপন কৰা হয়। এই উৎক্ষেপনৰ দ্বাৰা ইছৰোৱে...

January 29, 2025 12:41 PM

views 60

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীৰ ঘোষণা

চলিত বছৰৰ ৩০ ছেপ্তেম্বৰৰ ভিতৰত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কালি কোকৰাঝাৰত বি টি আৰ চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা ৩০ ছেপ্তেম্বৰৰ পূৰ্বে অর্থাৎ...

January 29, 2025 12:30 PM

views 43

কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩০০০ ৰো অধিক সমল কেন্দ্ৰ স্থাপন

মধ্য প্ৰদেশত জৈৱিক কৃষিৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি পাইছে। ৰাজ্যখনত দেশৰ ভিতৰতে সৰ্বাধিক ১৫ লাখ ৯২ হাজাৰ হেক্টৰ ভূমিত জৈৱিক পদ্ধতিৰে খেতি কৰা হয়। কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ পৰম্পৰাগত কৃষি উন্নয়ন আঁচনিৰ অধীনত মধ্য প্ৰদেশত ৩ হাজাৰৰো অধিক সমল কেন্দ্ৰ স্থাপন কৰা হৈছ...

January 29, 2025 12:27 PM

views 44

অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ বেঞ্জামিন নেটান্যাহুক আমন্ত্ৰণ ড’নাল্ড ট্রাম্পৰ

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুএ কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অহা ৪ ফেব্ৰুৱাৰীত হোৱাইট হাউচলৈ তেওঁক আমন্ত্ৰণ জনাইছে। এই ভ্ৰমণৰ পাছত নেটান্যাহু হ'ব ট্রাম্পৰ দ্বিতীয় কাৰ্যকালত ৱাছিংটন ভ্রমণ কৰা প্ৰথমজন বিদেশী নেতা। উল্লেখযোগ্য যে গাজাত ১৫ মাহ ধৰি চলি থকা বিধ্বংসী যুদ্ধ স্থগ...

January 29, 2025 12:23 PM

views 56

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰ...

January 29, 2025 12:04 PM

views 54

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰ...

January 29, 2025 12:32 PM

views 35

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ চৰকাৰৰ সৰ্বদলীয় বৈঠক আহ্বান

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। উল্লেখযোগ্য যে শুক্রবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব ।

January 29, 2025 11:49 AM

views 28

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱাত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱা সৰস্বতী তীৰ্থত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ হ'ব। মুখ্যমন্ত্রী নয়ব সিং চাইনীয়ে এই মহোৎসৱৰ উদ্বোধন কৰিব। সাত দিনীয়া মহোৎসৱৰ সময়ছোৱাত ২ ফেব্ৰুৱাৰীলৈকে মূল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে এই মহোৎসৱত ৪ ফেব্ৰুৱাৰীলৈকে চৰস মেলা অনুষ্ঠিত হ'ব। ...

January 29, 2025 11:46 AM

views 53

প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ হৈছে। মৌনী অমাৱশ্যাৰ ধৰ্মীয় গুৰুত্ব উল্লেখযোগ্য আৰু এই দিনটোত অমৃত স্নানক অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বৰ সৰ্ববৃহৎ ধর্মীয় সমাৱেশ হিচাপে স্বীকৃতিপ্রাপ্ত মহাকুম্ভ মেলা ১৩ জানুৱাৰীত আৰম্ভ হৈছে আৰু প্ৰথম অমৃত স্নান ১...

January 29, 2025 11:44 AM

views 28

বিজয় চকত আজি গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট আজি নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী...