ৱাক্ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাসকলৰ স্বাৰ্থৰ অনুকুলেহে গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিব বুলিও সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নেতাগৰাকীয়ে উল্লেখ কৰে।
Assamese | April 3, 2025 6:00 PM | Akashvani | Akashvani News | Chirag Paswan | Waqf bill
ৱাক্ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান