বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে কালি ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এখন ঔদ্যোগিক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে এই বৈঠক উদ্যোগমুখী গৱেষণা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিকশিত প্ৰযুক্তিৰ বাবে উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। বৈঠকত লিথিয়াম-আয়ন, ছডিয়াম-আয়ন, আৰু লিথিয়াম- পলিমাৰৰ থলুৱা উৎপাদন প্ৰযুক্তিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰা হয়। গৱেষণা আৰু উন্নয়নৰ পদক্ষেপত উদ্যোগৰ সহযোগিতাৰ সুযোগসমূহৰ বিষয়েও বৈঠকত পর্যালোচনা কৰা হয়।
Assamese | January 15, 2025 10:31 AM | Science & Technology
ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ঔদ্যোগিক বৈঠক অনুষ্ঠিত