বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহু ভুল বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে গান্ধী কিছু বক্তব্য তথ্যগতভাৱে ভুল আৰু বিপথে পৰিচালিত কৰাৰ প্ৰকৃতিৰ। সেয়েহে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ ইপিনে, ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পত্রযোগে সংসদৰ কাৰ্যবিৱৰণীৰ পৰা আঁতৰোৱা তেওঁৰ ভাষণৰ কিছু অংশ পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।
Assamese | July 2, 2024 8:39 PM | BJP | Congress | Lok Sabha | Rahul Gandhi
ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী