ভাৰতে ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক ভৎসনা কৰিছে। ভাৰতে লগতে জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ আৰু সদায় অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি স্পষ্ট কৰি দিছে। নিউয়কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চতুৰ্থ সমিতিত ঔপনিৱেশিক শাসনৰ পৰা মুক্তি বিষয়ক আলোচনাৰ সময়ত উত্তৰ জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰি ভাৰতে আজি এই কথা প্ৰকাশ কৰে।
ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমযোগে প্রকাশ কৰা মতে সাংসদ মহিমা কুমাৰী মেৱাড়ে জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানে বাৰে বাৰে ৰাষ্ট্ৰসংঘৰ অপব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে।
শ্রীমতী মেৱাড়ে লগতে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ বিষয়ে আলোকপাত কৰে আৰু ইছলমাবাদ মহলক বিষয়টো লৈ মনোযোগ দিবলৈ আহ্বান জনায়। তেওঁ কয়, যে পাকিস্তানী বাহিনী আৰু ইয়াৰ সহযোগীসকলে বুনিয়াদী আৱশ্যকতা আৰু অধিকাৰৰ হকে প্রতিবাদ সাব্যস্ত কৰা নিৰীহ নাগৰিকসকলক হত্যা কৰিছে।
ইপিনে, আন এখন গুৰুত্বপূৰ্ণ বৈঠকত সাংসদ প্ৰিয়া সৰোজে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ষষ্ঠ সমিতিৰ ৮১ সংখ্যক অধিৱেশনত ভাৰতৰ হৈ ৰাষ্ট্ৰীয় বিবৃতি দিয়ে। তেওঁ লগতে ৰাষ্ট্ৰসংঘ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিবলৈ আহ্বান জনায়।