ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিন ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়াইছে। একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী বিৰেন্দ্ৰ নাথ দাস, বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ কণিষ্ঠ প্রশাসনিক সহায়ক অবিনাশ গোস্বামী, কাছাৰৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হেমাংগ বড়োকে ধৰি ৫৯ গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এখন বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে।
Assamese | August 4, 2025 7:42 PM | Akashvani News | Assam Govt | Assam Govt Award
ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে