ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন কৰা হৈছে। প্ৰতিবছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই পূজা পালন কৰা হয়। এই উৎসৱত ৰাভাসকলৰ পূজনীয় দেৱ-দেৱীলৈ পূজা-অৰ্চনা আগবঢ়োৱা হয় আৰু কৃষিকৰ্ম সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়। বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক বায়খো হুৰি অসম, খৈৰাবাৰী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ওদালগুৰি জিলাৰ খৈৰাবাৰী বৰ্জামুগুৰি বায়খ’দামত আজিৰেপৰা চতুৰ্দশ বায়খ’ উৎসৱ অনুষ্ঠিত হৈছে। এই উৎসৱত জনগোষ্ঠীটোৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰা দেখা গৈছে।
গোৱালপাৰা জিলাৰ আন আন ঠাইৰ লগতে পশ্চিম দায়ৰং আয়া বায়খ’ থানত আজি দিনজোৰা কাৰ্যসূচীৰে বায়খ’ উৎসৱ পালন কৰা হয়। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈৰ ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ পালন কৰা হৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বায়খ’ উৎসৱ উপলক্ষে ৰাভা জনগোষ্ঠীৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড° শৰ্মাই কয়, যে এই উৎসৱৰ সৈতে ৰাভা জনগোষ্ঠীৰ বিশ্বাস, পৰম্পৰা, একতা আৰু কৃষক সমাজৰ সপোন জড়িত হৈ আছে। তেওঁ লগতে এই উৎসৱে সমন্বয়ৰ বীজ সিঁচি কৃষক সমাজৰ সপোন সাৰ্থক কৰিব আৰু সকলোৰে জীৱন সুখ-সমৃদ্ধিৰে উপচাই পেলাব বুলি আশা কৰে।
Assamese | June 11, 2025 9:25 PM | Akashvani Guwahati | Akashvani News | Rabha
ৰাজ্যৰ ৰাভা বসতিপ্রধান অঞ্চলসমূহত আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে বাইখ’দেৰা বা বায়খ’ পূজা পালন