ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ সংহত কার্যালয় সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ লয়। ভাষণত তেওঁ সকলো শ্ৰেণীৰ লোককে এই ৰোগৰ পৰা বাচিবলৈ পৰীক্ষা কৰিবলৈ আহ্বান জনায়। লগতে জিলা স্বাস্থ্য বিভাগক ছিকল চেল ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানতে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ৰোগৰ বিষয়ে এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। শ্রীভূমি জিলাৰ সূতাৰকান্দিৰ ভাৰত-বাংলাদেশ সীমান্তৰ লেণ্ডপোর্ট চৌহদত জিলা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত ছিকল চেল ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা আৰু আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। মেলেৰিয়া বিৰোধী মাহ উপলক্ষে এই শিবিৰত মেলেৰিয়া পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। এই কাৰ্যসূচীত অংশ লোৱা বিশেষজ্ঞসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে স্বাস্থ্য কৰ্মীসকলৰ কৰণীয়, আঁঠুৱা ব্যৱহাৰৰ গুৰুত্ব আৰু ৰোগৰ প্ৰাৰম্ভিক লক্ষণৰ বিষয়ে অৱগত কৰে।বিশ্ব ছিকল চেল দিৱসৰ সৈতে সংগতি ৰাখি ওদালগুৰিৰ জিলা চিকিৎসালয়ত সজাগতামূলক কার্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত এই ৰোগৰ কাৰক, লক্ষণ আৰু প্ৰতিৰোধ সম্পৰ্কত বিশেষজ্ঞসকলে ৰাইজক অৱগত কৰে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত্ত ভৱন প্ৰেক্ষাগৃহত এই দিৱস উপলক্ষে সজাগতামূলক কার্যসূচী অনুষ্ঠিত কৰা হয়৷
Assamese | June 19, 2025 7:38 PM | Akashvani Guwahati | Akashvani News | sickle cell day 2025
ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ছিকল চেল দিৱস পালন