বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক দুৱৰাই পশ্চিমীয়া আৰু পাৰচ্যৰ কাব্যমনীষাৰ সৃষ্টিৰাজিৰ আলোকেৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ৰমন্যাস যুগৰ কবি হিচাপে দুৱৰাদেৱৰ অৱদান অতুলনীয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মৃত্যুবার্ষিকী উপলক্ষে সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে যতীন্দ্ৰনাথ দুৱৰা মননশীল আৰু গভীৰ জীৱনবোধসম্পন্ন সাহিত্য কর্মই অসমীয়া ভাষা সাহিত্যৰ পথাৰখন শুৱনি কৰি থৈ গৈছে। মন্ত্ৰী বিমল বৰাই তেওঁৰ বাৰ্তাত অসমীয়া সাহিত্য ক্ষেত্ৰলৈ ওমৰতীৰ্থৰ স্ৰষ্টা দুৱৰাৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব বুলি প্ৰকাশ কৰিছে।
Assamese | July 5, 2025 5:54 PM | Akashvani Guwahati | Akashvani News | jatindranath-duwara-assamese-poet
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী পালন