ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংস্থাটোৱে ইণ্টাৰ নেচনেল ক্রিকেট কাউন্সিল আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই ৱাই আইৰ সহযোগত গুৱাহাটীত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কন্যা শিশুসকলৰ নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ কর্মপন্থা যুগুত কৰে। তেওঁলোকে এই অঞ্চলসমূহত ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই এই পদক্ষেপৰ বাবে ইউনিছেফক ধন্যবাদ জ্ঞাপন কৰে।
Assamese | October 13, 2025 7:19 PM | #unicef | Akashvani | Akashvani Guwahati
ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ