ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত স্বাস্থ্য আৰু কল্যাণকে ধৰি বিভিন্ন বিভাগৰ শিবিৰ অনুষ্ঠিত

ৰাজ্যত সেৱা সংকল্প অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কালি বজালী জিলাৰ সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় প্রাংগণত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দুখীয়া হিতাধিকাৰীৰ বাবে আৱণ্টিত আঁচনিৰ বাবদ কোনোৱে এটকাও দাবী কৰিলে থানাত খবৰ দিবলৈ আহ্বান জনায়। মহাবিদ্যালয়খনত অনুষ্ঠিত স্বাস্থ্য আৰু সজাগতা শিৱিৰত ৫১২ গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়।

নলবাৰী জিলাৰ প্ৰতিটো উন্নয়ন খণ্ডতো চৰকাৰৰ সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন শিবিৰ অনুষ্ঠিত হৈছে। চৰকাৰী আঁচনিসমূহৰ সুবিধা ৰাইজে সহজে লাভ কৰাৰ বাবে এই শিবিৰসমূহত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কামৰূপ মহানগৰ জিলাত এই উপলক্ষে পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৰামছাৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰ তথা সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।

শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্রী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চর্ম, কাণ-নাক-ডিঙি আৰু দন্তৰ লগতে আয়ুষ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়ায়।

বিশ্বনাথ জিলাৰ গহপুৰ চেংমৰাত পূব ছয় দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত পঞ্চমটো সেৱা সংকল্প অভিযান অনুষ্ঠিত হয়। এই সেৱা সংকল্প অভিযানত মুঠ ১০ টা বিভাগৰ ২৪ টা সেৱা প্ৰদান কৰা হয়।

গোৱালপাৰা জিলা প্রশাসনেও সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ১০ দিনীয়া সেৱা সেতু অভিযান অব্যাহত ৰাখিছে। জিলা প্রশাসনে গোৱালপাৰা পৌৰ সভাৰ সহযোগত বাণিজ্য শিল্প খেলপথাৰত সেৱা সেতু অভিযান শিবিৰ অনুষ্ঠিত কৰে।

কামৰূপ জিলাত বিভিন্ন স্থানত ১০ অক্টোবৰৰ পৰা অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ শিবিৰসমূহৰ সামৰণি পৰিছে। জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত অনুষ্ঠিত এই সেৱা শিবিৰসমূহৰ জৰিয়তে ২৩ হাজাৰৰো অধিক হিতাধিকাৰীয়ে চৰকাৰী সেৱা লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।