December 21, 2025 7:43 PM

views 21

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে

পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ বজালী অঞ্চলত আজি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰা তিনিটা পকীপথ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক দিয়া প্রতিশ্রুতি পুৰণ কৰি সন্তুষ্টি প্রকাশ কৰে। শ্রীদাসে স্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ কয়, যে পূর্বে অতি পিছপৰা পাটাছাৰকুছি সমষ্টিত বর্তমান আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে আৰু প্রায় অভিলেখ গঢ়ি সমষ্টিটোত ২৯৭ কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণ কৰা হৈছে।

December 14, 2025 7:49 PM

views 26

সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ সামৰণি

বজালী জিলাৰ বাঘমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি সামৰণিৰ দিনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। বাঘমাৰাৰ ৰাজপথত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ পৰিধানেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রাত ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী আৰু স্থানীয় ৰাইজে অংশ লয়। মন্ত্রী শ্রীদাসে এই অধিবেশন সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে হাইস্কুল শিক্ষক সন্থাৰ সভাপতিকে ধৰি নবনির্বাচিত বিষয়াসকলক শুভেচ্ছা জনায়।