■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই এইচ আই ভি পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ ৫-৬ জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। যোৱা বছৰত চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ ৯ হাজাৰ ১৫০ জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান প্রায় ১০ হাজাৰ এইচ আই ভি সংক্ৰমিত ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিগত ৭ মাহত কামৰূপ জিলাত নতুনকৈ ৯০০ জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। একেদৰে শোণিতপুৰ জিলাত বিগত ৪ মাহত নতুনকৈ ২২৬ জন এইচ আই ভি পজিটিভ ৰোগী ধৰা পৰিছে।
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো বৰ্তমান দুহেজাৰ ১০৩ জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে।
Assamese | August 24, 2025 12:30 PM | Aids | Akashvani News | HIV
ৰাজ্যত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা