December 1, 2025 6:52 PM

views 44

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যত আজি বিশ্ব এইডছ দিৱস পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- অন্তৰায় অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক ৷ দক্ষিণ শালমৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি জিলা এইডছ নিয়ন্ত্রণ সমিতি, জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হৈছে। এই উপলক...

December 1, 2025 10:31 AM

views 93

আজি বিশ্ব এইডছ দিৱস

● আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্রতি সমবেদনা প্রকাশেৰে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱস পালনৰ আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- ...

August 24, 2025 12:30 PM

views 45

ৰাজ্যত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই এইচ আই ভি পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ ৫-৬ জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। যোৱা বছৰত চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ ৯ হাজাৰ ১৫০ জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান প্রায় ১০ হাজাৰ এইচ আই ভি সংক্ৰ...