ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে।
এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়।
আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গোপীনাথ বৰদলৈৰ সমাধিস্থলীত নৱগ্ৰহ শ্মশানত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানত নিউ গুৱাহাটীৰ বিধায়ক দিপুৰঞ্জন শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মুৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰে। অনুষ্ঠানত সর্ব ধর্ম প্রার্থনা, কোৰাণ, শিখ ধর্মগ্ৰন্থ আৰু বাইবেল পাঠ কৰা হয়।