ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰে।

এই নতুন টার্মিনেল ভৱনটো ৪৮০ কোটি টকা ব্যয়ৰে বছৰি ২০ লাখ যাত্রী অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে । যাত্ৰীসকলক অসুবিধা নোহোৱাকৈ আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা- সুবিধাৰে সু-সজ্জিত কৰি তোলা হৈছে। ভৱনটো উদ্বোধনৰ ফলত অঞ্চলটোত পৰ্যটন, বাণিজ্য আৰু কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

প্রধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অ-সামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উড়ে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত ২৮ হাজাৰ ৮৪০ কোটি টকা আৱণ্টনেৰে দহ বছৰত বিমান পৰিবহন খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বালোতাৰা জিলাৰ পাচপাড়াত দেশৰ অত্যাধুনিক গ্রীনফিল্ড শোধনাগাৰ আৰু পেট্‌’কেমিকেলছ চৌহদ দেশবাসীলৈ উৎসৰ্গা কৰে। তেওঁ শোধনাগাৰৰ অত্যাধুনিক নিয়ন্ত্রণ কক্ষ পৰিদৰ্শন কৰি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞ সকলৰ সৈতে মত বিনিময় কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত একবিংশ শতিকাৰ বৃহৎ শক্তি সংকটৰ সৃষ্টি হৈছে যদিও সময়োপযোগী সিদ্ধান্ত, ফলপ্রসূ কূটনীতি আৰু বিচক্ষণ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতে সফলতাৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। শ্রীমোদীয়ে কয়, যে সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পর্কই সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে নিজৰ শোধন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম তেল শোধন ৰাষ্ট্ৰ হিচাপে আত্মপ্রকাশ কৰিছে।

প্রধানমন্ত্রীয়ে কয়, যে বিশ্বজুৰি অস্থিৰতাৰ মাজতো চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰিছে। শ্রীমোদীয়ে কয়, যে শক্তি সংকটৰ সময়ত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ এদিন ইতিহাসত লিপিবদ্ধ হ’ব। একাংশ লোকে উৰা বাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰাত ব্যস্ত থকাৰ সময়তে বিষয়াসকলে ধৈর্য, কঠোৰ পৰিশ্ৰম আৰু স্পৰ্শকাতৰ নীতিগত সিদ্ধান্তৰে দিনে-নিশাই কাম কৰি নিৰৱচ্ছিন্ন শক্তি যোগান নিশ্চিত কৰিছিল। এই কঠিন সময়ছোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰক সমৰ্থন কৰাৰ পৰিৱৰ্তে সস্তীয়া ৰাজনীতিকৰণৰ চেষ্টা কৰা সকলক সমালোচনা কৰে।

পশ্চিম এছিয়া আৰু ইউক্রেইনৰ সংঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা সাৰ সংকটৰ কথা উল্লেখ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে কেইবাখনো দেশত ইউৰিয়াৰ মূল্য প্ৰতি বেগত প্রায় ৩ হাজাৰ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় কৃষকসকলে যাতে প্ৰতি বেগ ইউৰিয়া প্ৰায় ৩০০ টকাত লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল।