ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কালি অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰে। উভয় পক্ষৰ মাজত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক এদিনীয়া খেলখনৰ ১৩৩ টা বল বাকী থকা অৱস্থাতে ভাৰতৰ দলটোৱে বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে টছত জিকি দক্ষিণ আফ্ৰিকাৰ এ দলে প্রথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ দ্ৰুতবেগী বলাৰ হৰ্ষিত ৰানা আৰু বাওঁহতীয়া স্পিনাৰ নিশান্ত সিন্ধুৰ অনবদ্য প্ৰদৰ্শনেৰে আলহী দলটোৱে ২০ অ’ভাৰ আৰু তিনিটা বলত ১৩২ ৰানতে ইনিংছ সামৰিবলগীয়া হয়। প্ৰত্যুত্তৰত ৰুতুৰাজ গাইকোৱাড়ৰ অপৰাজিত অর্ধ শতকৰ সহায়ত ভাৰত ২৭ অ’ভাৰ আৰু ৫ টা বলত এটা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়।
Assamese | November 17, 2025 5:24 PM | Cricket | SPORTS
ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলত ভাৰত ৯ উইকেটত জয়লাভ