আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা ৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা
হ’ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্রকাশন বিভাগে প্রকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ –Untold Stories of the Freedom struggle from North East India–ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্য ড ° সমুদ্র গুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিবেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্রহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ’বলগীয়া এই অনুষ্ঠানত আগ্রহী শ্রোতাই ফোনযোগে অংশগ্রহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে- 0361-2661876, 2662325।
Assamese | August 7, 2025 7:39 PM | Akashvani Guwahati | Akashvani News | Dristipat
৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক বিশেষ আলোচনা প্ৰচাৰ