চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ’ব ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাটোত মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত হ’বলগীয়া বিধায়ককেইগৰাকীক আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছে।
Assamese | December 5, 2024 8:47 PM | assam cabinet | Assam Govt | Himanta Biswa Sarma
৪ গৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ